Gallery

Blog Archive

NEWSLETTER

Subscribe Here

Facebook

Recent

Home Top Ad

Recent

Flickr

Popular Posts

Travel

Technology

অসমৰ মাছ ধৰা সঁজুলি

বিশ্বৰ বিভিন্ন প্রান্তৰ বিভিন্ন শ্রেণীৰ লোকে বিভিন্ন পদ্ধতিৰে নিজৰ পুষ্টিকৰ আহাৰৰ বাবে আদিম কালৰে পৰা মাছ ধৰি আহিছে। মাছ ধৰাৰ পদ্ধতি, প্রণালী ঠাইবিশেষে বেলেগ বেলেগ হোৱা দেখা যায়। প্রাচীন কালৰে পৰা নৈ, বিল, জলাহ, পুখুৰী, জান-জুৰি আদিত কি পদ্ধতিৰে মাছ ধৰি নিজৰ খাদ্য সংগ্ৰহ কৰিছিল। সেই বিষয়ে বিভিন্ন জাতিৰ নিজস্ব বুৰঞ্জীত ইয়াৰ বিৱৰণ পোৱা যায়। প্রাকৃতিক উৎসবিলাকৰ বাহিৰে সাধাৰণতে পুখুৰী, বিল আদিত আজিকালি মাছ পোহা দেখা যায়। কোনো কোনো ঠাইত নদীত ভেটা দিও বিজ্ঞানসন্মতভাবে আজিকালি মাছ পোহা দেখা যায়। আধুনিক বিজ্ঞানসন্মত যন্ত্ৰ-পাতিয়ে এইক্ষেত্ৰত বিশেষ সহায় আগবঢ়োৱাত মৎস্যপালকসকলে কম খৰচতে মাছ উৎপাদন কৰি বজাৰত মাছৰ যোগান ধৰিব পাৰিছে। অসম এইক্ষেত্ৰত কিমানদূৰ আগবাঢ়িছে সেইক্ষেত্ৰত একে আষাৰতে কোৱা কঠিন।

অসমৰ লোকসকল কুটিৰ শিল্পত অতি নিপুণ-



নিজ হাতেৰে সূতা কাটি কাপোৰ বোৱা, কাঁহ-পিতলৰ বাচন তৈয়াৰ কৰাৰ পৰা বাঁহ-বেঁতৰ কাম কৰা আদি সকলো কাম অসমীয়া সংস্কৃতিৰ এটা বৈশিষ্ট্য।
বাঁহ অসমীয়া সমাজৰ অতি আপোন এক সম্পদ। অসমৰ লোকসকলে কি পদ্ধতিৰে বাঁহৰ পৰা তৈয়াৰ কৰা কি কি সঁজুলি মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিছিল বা বর্তমানেও কম-বেছি পৰিমাণে ব্যৱহাৰ কৰা হয়, সেই সঁজুলিসমূহৰ বিষয়ে আলচ কৰিব বিচৰা হৈছে। মাছ ধৰোঁতে ব্যৱহাৰ কৰা এই সঁজুলিসমূহো অসমীয়া সংস্কৃতিৰে এটা অংগ।
জাকৈ বা জকাই, খালৈ, খোকা, চেপা, পল, জুলুকি, ডিঙৰা, হুকুমা, বান, লাহনী, লেহেতি, দলঙা, চালনী, উভতি ঘোকলং, ঘনী, পঁচা, বৰশী আদি বাঁহৰ পৰা তৈয়াৰ কৰা অসমীয়াৰ মাছধৰা সঁজুলি। এই বাঁহৰ পৰা তৈয়াৰ কৰা সঁজুলিসমূহৰ মাছ ধৰা বা মাছমৰাৰ বিশেষ পদ্ধতি আছে। খোকা, চেপা, ডিঙিৰা, ঘনী আদি সঁজুলিসমূহ বাম ঠাইৰ পৰা দ ঠাইলৈ বৈ যোৱা পানীৰ লোৰ বা খাল, সৰু জান-জুৰি আদিত মাছ ধৰিবৰ বাবে বিশেষ পদ্ধতিৰে পাতি ৰখা হয়। মাছ ধৰা এই সঁজুলিবোৰত সোমাবৰ বাবে বাট ৰখা হয়। হুকুমা, মোকলং আদি সঁজুলিবোৰৰ ভিতৰত জেং, জাবৰ আদি ভৰাই জান-জুৰি, সৰু নৈ আদিত পতা হয়। পতাৰ কিছুদিনৰ পিছত এইবিলাক পানীৰ পৰা উঠাই আনি জেং-জাবৰৰ মাজত আশ্রয় লোৱা মাছবিলাক ধৰা হয়। উভতি নামৰ মাছ ধৰা সঁজুলিটোৰ ভিতৰত মাছৰ বাবে খাদ্য হিচাপে কেঁচু-কুমটি, নানা পোক-পৰুৱা আদি ভৰাই নৈ-পুখুৰী, বিল আদিত পতা হয়। মাছবিলাকে খাদ্যৰ সন্ধানত সঁজুলিটোৰ ভিতৰত সোমাই আৰু তাত আবদ্ধ হৈ পৰে। মাছবিলাক এবাৰ সঁজুলিটোৰ ভিতৰত সোমোৱাৰ পিছত ইয়াৰ পৰা ওলাব নোৱাৰে।
কম পানীত আবদ্ধ হৈ থকা মাছ ধৰিবৰ বাবে চালনী ব্যৱহাৰ কৰা হয়। জাৰৰ দিনত মেটেকাৰ শিপাত মাছবিলাকে আশ্ৰয় লয়। বৰ চালনী মেটেকাৰ তলত অতি সাৱধানে সুমুৱাই চালনীখন মেটেকাৰ সৈতে পানীৰ পৰা ওপৰলৈ দাঙি মেটেকা গুচাই মাছ ধৰা হয়। বিশেষকৈ কাৱৈ, গৰৈ, তোৰা, মাণ্ডৰ আদি মাছে মেটেকাৰ শিপাত আশ্ৰয় লৈ থাকে।
খাল, ডোং, পুখুৰী আদি সিঁচিবৰ বাবে লাহনী, লেহেতি আদি সঁজুলি ব্যৱহাৰ কৰা হয়। লেহেতি বাঁহৰ কাঠিৰে তিনিকোণীয়াকৈ সাজি দুয়োফালে ৰছী বান্ধি দুজন লোকে টানি পানী সিঁচা হয়, ঠিক তেনেদৰে লাহনীখনো তিনিকোণীয়াকৈ বাঁহৰ কাঠিৰে ভাঁজ দি সাজি ৪/৫ ফুট দীঘল বাঁহৰ নলী বান্ধি কম আয়তনৰ পানী সিঁচা কামত ব্যৱহাৰ কৰা হয়। লাহনীখন এজন মানুহেই ব্যৱহাৰ কৰিব পাৰে।

পানীৰ সোঁতৰ গভীৰতা, আয়তন অনুযায়ী মাছধৰা সঁজুলিবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি—




১) দ পানীত পাতি মাছ ধৰা সঁজুলি।
২) বাম পানীত পতি মাছধৰা সঁজুলি,
৩) দ-বাম উভয়তে পাতি মাছ ধৰা সঁজুলি।
দ পানীত যেনে নৈ-বিল, হোলাত দলঙা, হুকুমা, খুটি বৰশী, ডাঙৰ চেপা আদি মাছ ধৰিবৰ কাৰণে পাতি থোৱা হয়। ঠিক সেইদৰে বানপানীত সাধাৰণতে চেপা, থোকা, ডিঙিৰা, পল, জুলুকি, জাকৈ, চালনী আদিৰে মাছ ধৰা হয়। দ-বাম উভয়তে মাছ ধৰিবৰ বাবে পল, জুলুকি, কোল, পঁচা আদি ব্যৱহাৰ কৰা হয়। মাছ ধৰি থ’বৰ বাবে খালৈ, খৰা আদি সঁজুলি অসমীয়া সমাজত ব্যৱহাৰ কৰা দেখা যায়।
বৰশীৰে মাছ ধৰা প্রথা বিশ্বৰ প্রায়বোৰ দেশতে পোৱা যায়। বৰ্তমান বৰশীৰে মাছ ধৰাটো এটা খেল আৰু প্ৰতিযোগিতালৈ পর্যবসিত হৈছে। অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। সৰু-ডাঙৰ সকলো মাছ ধৰিবৰ কাৰণে বেলেগ বেলেগ আকাৰৰ বৰশী পোৱা যায়। ফুল বৰশী, বৰ বৰশী, মেলা বৰশী, ওলমা বৰশী, খুটি বৰশী আদি বিভিন্ন প্রকাৰৰ বৰশী আছে।
শিঙী, মাগুৰ আদি মাছ ধৰিবৰ বাবে শিঙী খোঁচা নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয়। শকত-দীঘল বাঁহৰ পাব ফুটা কৰি, পাবৰ ভিতৰত শিঙী, মাগুৰৰ উপযোগী খাদ্য ৰঙা মাটি ভৰাই পুখুৰী, বিল, পিটনি আদিত বাঁহডাল ৰছীৰে বান্ধি পানীত কেইদিনমান ডুবাই ৰাখিও মাছ ধৰা পদ্ধতি আমাৰ সমাজত আছে। মানুহে পুখুৰী, বিল আদিৰ পাৰৰ গাঁতত হাত সুমুৱাই বা বোকাত খেপিয়াই মাছ ধৰা পদ্ধতিও আছে।
বাৰিষাৰ ন বৰষুণ আৰম্ভ হোৱাৰ লগে লগে মাছবিলাকে নিজ বংশবৃদ্ধিৰ বাবে নৈ-বিল, পুখুৰী, পিটনি আদি জলাশয়বিলাকৰ পৰা ওলাই যায়। ইয়াক মাছৰ উজান উঠা বুলি কয়। সোঁতৰ বিপৰীতে মাছবিলাকে উজাই যায় বাবে ইয়াক মাছৰ উজান উঠা বুলি কয়। সেই সময়ত পঁচা, কেলি আদিৰে হাঁনি-খুচি মাছ ধৰা হয়। উজনিৰ এই মাছবিলাক ধৰাৰ ফলত মাছৰ বংশবৃদ্ধি দ্রুতহাৰত কমি যোৱা দেখা গৈছে। সেয়েহে বর্তমান উজানৰ মাছ ধৰাটো চৰকাৰীভাৱে নিষিদ্ধ ঘোষণা কৰা হৈছে।
জাকৈ বা জকাইৰে মাছ ধৰা প্রথা অসমীয়া সমাজত পুৰণি কালৰ পৰাই প্রচলিত। জাক জাক ডেকা-গাভৰুৱে একেলগ হৈ জাকৈৰে মাছ ধৰাৰ দৃশ্য অতি পথাৰ, কম পানী থকা পুখুৰী আদিত জকাইৰে মাছ ধৰা হয়। খৰালি দিনত বিল, পুখুৰী, হোলা, নৈ আদিত পল, জুলুকি, জকাইৰে সমূহীয়াকৈ মাছ ধৰা প্রথা অসমীয়া সমাজত প্রচলিত। ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ হ'ল মৰিগাঁও জিলাৰ জোনবিল। জোনবিল মেলা অনুষ্ঠিত হোৱাৰ পূর্বেই ৰজাই নির্দিষ্ট কৰি দিয়া এটা বিশেষ দিনত গাঁওবোৰৰ বাসিন্দাসকলে হাতত বিভিন্ন মাছধৰা সঁজুলি জাকৈ, খালৈ, পল, জুলুকি, জাল আদি লৈ জোনবিলত সমূহীয়াকৈ মাছ ধৰে আৰু বিলৰ পাৰত মাছ ধৰি শ’ল মাছেৰে ন-খোৱাটো এটা পৰম্পৰা। এনে নিয়মে সমাজখনক একতাৰ এনাজৰীৰে বান্ধ খাই ৰখাত সহায় কৰে।
পল, জুলুকি পৈণত বাঁহৰ কাঠিৰে ওপৰফালে ক্ৰমে বেঁকাকৈ সজা হয়। পলৰ ঘেৰ জুলুকিতকৈ বেছি ডাঙৰ হোৱা দেখা যায়। ডাঙৰ মাছ ধৰিবৰ বাবে পল ব্যৱহাৰ কৰা হয়। জুলুকিৰে সৰু-বৰ সকলো মাছ ধৰিব পাৰি।
ডিঙৰা নামৰ মাছধৰা সঁজুলিবিধ বাঁহৰ পৈণত কাঠিৰে ঘূৰণীয়াকৈ দুই মূৰ সমান কৰি বনোৱা হয়। ডিঙৰাৰ সন্মুখৰ ফালে মাছ সোমাবৰ বাবে আৰু শেষৰ ফালে ডিঙৰাৰ বাবে দুটা পথ থাকে। পাউৰি, হুকুমা নামৰ সঁজুলি দুবিধো বাঁহৰ কামিৰে বনোৱা হয়। উভতি, কোল লোৰ পৰা তৈয়াৰ কৰা মাছ ধৰা সঁজুলি।
বাঁহ-বেতৰ সঁজুলিৰ বাহিৰেও জালেৰে মাছ ধৰা পদ্ধতিও আমাৰ সমাজত আছে। মাছৰ সৰু-বৰ অনুসৰি জালবিলাক গোঁঠা হয় আৰু ইয়াৰ নামবিলাকো বিভিন্নধৰণৰ। যেনে—লাঙি-জাল, খেৱালি জাল, বৰ জাল, ঘাট জাল, চিন জাল আদি। মাছৰ নাম অনুসৰি লাঙি জাল গোঁঠা হয়। পুঠি মাছ ধৰিবৰ বাবে পুঠি লাঙি, কাৱৈ মাছ ধৰিবৰ বাবে কাৱৈ লাঙি জাল পতা হয়। পাৰৰ পৰা দলিয়াই দি যি জালেৰে মাছ ধৰা হয় তাক খেৱালি জাল বোলে। এই জালবিলাক সাধাৰণতে শণ সূতাৰে গোঁঠা হয়। জালত ব্যৱহাৰ কৰা খুৰাবোৰ পোৰামাটিৰ। বৰ্তমান সৰু লোহাৰ খুৰা ব্যৱহাৰ কৰা দেখা যায়। নৈৰ দ পানীত চাৰিওফালে জাল তৰি মাছ ধৰা দীঘল আৰু ডাঙৰ জালখনৰ নাম জাহি জাল। পৰঙি বা চিন জালেৰে বাম পানীত পাতি মাছ ধৰা হয়। আকৌ জটা জালেৰে বাৰিষাৰ বেছি পানীত পাতি মাছ ধৰা হয়। এইখন জাল আনবোৰ জালতকৈ বেছি দীঘল আৰু ডাঙৰ।
ইয়াত উল্লেখ কৰা মাছধৰা সঁজুলিসমূহৰ বাহিৰেও আন নানাধৰণৰ সঁজুলি থাকিব পাৰে। ভৈয়ামৰ লোকৰ মাছ ধৰা পদ্ধতিৰ লগত পাহাৰীয়া লোকসকলৰ মাছ ধৰা পদ্ধতিৰ কিছু পার্থক্য আছে। সঁজুলিসমূহৰ নিৰ্মাণ প্রণালী একে হ'লেও অবয়বৰ তাৰতম্য আছে। অসমীয়া সমাজ ব্যৱস্থাত মাছ ধৰা প্রণালী আৰু সঁজুলিসমূহে আমাৰ সুকুমাৰ কলাক যে এক সুউচ্চ স্থানলৈ লৈ গৈছে তাক সকলোৱে একেমুখে স্বীকাৰ কৰিবই লাগিব। এই সঁজুলিসমূহ আমাৰ সংস্কৃতিৰে এটা অবিচ্ছেদ্য অংগ।

লিখক: সঞ্জীৱ মহন্ত, পূৰ্বাচল।
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
 

Sports

Delivered by FeedBurner