Gallery

Blog Archive

NEWSLETTER

Subscribe Here

Facebook

Recent

Home Top Ad

Recent

Flickr

Popular Posts

Travel

Technology

পূব এছীয় দেশৰ অৰ্থনৈতিক আশ্চৰ্য্য আৰু অসমৰ দৰিদ্ৰতা

পূব এছীয় দেশৰ অৰ্থনৈতিক আশ্চৰ্য্য আৰু অসমৰ দৰিদ্ৰতা

আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ বুৰঞ্জী অধ্যয়ন কৰিলে দেখা যায় যে যি সময়ত পূব এছিয়াৰ দেশসমূহ তথা ভাৰতবৰ্ষৰ বাংগালুৰু আৰু মুম্বাইকে ধৰি কিছুমান ঠাইত ক্ষীপ্ৰ অৰ্থনৈতিক উন্নয়ন হৈছিল আৰু তাকে দেখি অৰ্থনীতিবিদসকল আচৰিত হৈছিল, সেই একে সময়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতিৰ পয়া লগা অৱস্থাটোৱে কিন্তু চৰকাৰৰ দৃষ্টি আকৰ্ষিত কৰিব পৰা নাছিল৷ বৰ্তমানো এই অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন সাধনৰ কোনো বিশেষ ধৰণৰ পদক্ষেপ হাতত লোৱা নাই৷ অৰ্থনৈতিক উন্নয়ন আৰু অধঃপতনৰ ছবি দুখনে কিছুমান ইতিবাচক ধাৰণা দিব পাৰে৷

উনৈশ শতিকাতে বিশ্বৰ বহুতো দেশক পিছ পেলাই পূব এছীয় দেশসমূহে সফলতাৰে অৰ্থনৈতিক উন্নয়নৰ দিশে ধাৱমান হয়৷ জাপানে উনৈশ শতিকাতে অৰ্থনৈতিক দিশত আধুনিকীকৰণ আৰম্ভ কৰে৷ চুবুৰীয়া দেশ তাইৱান, চিংগাপুৰ আৰু হংকঙে জাপানক অনুসৰণ কৰে৷ ১৯৮০ চন আৰু ১৯৯০ চনৰ ভিতৰত মালয়েছিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া আৰু চীনৰ প্ৰশান্ত সাগৰীয় উপকূলবৰ্ত্তী অঞ্চলতো অৰ্থনৈতিক ক্ষেত্ৰত আধুনিকীকৰণ আৰম্ভ হয়৷

দ্বিতীয় মহাযুদ্ধৰ ফলত জাপানৰ অৰ্থনীতি ধ্বংসপ্ৰাপ্ত হৈছিল; কিন্তু আজি জাপানে এছিয়াৰ তিনি শীৰ্ষ অৰ্থনীতিৰ ভিতৰত এক হ’ব পাৰিছে৷ অন্যহাতে,জাপানৰ অৰ্থনীতি বিশ্বৰ ভিতৰতো এক বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে৷

১৯৬০ চনৰ মাজ ভাগত দক্ষিণ কোৰিয়া আছিল পৰম্পৰাগত ধান খেতিয়কৰ দেশ৷ সমগ্ৰ দেশৰ কৰ্ম শক্তিৰ ৭০% ৰ সমান আছিল এইসকল কৃষক৷ ১৯৯৩ চনত দক্ষিণ কোৰিয়াৰ সৰ্বমুঠ দেশীয় জনমূৰি আয় ১৮ গুণ বৃদ্ধি পালে আৰু ৭০% তকৈ অধিক জনসংখ্যা কৃষিপামৰ পৰিবৰ্ত্তে নগৰত বাস কৰি  জীৱিকা অৰ্জনত মগ্ন হ’ল৷ দক্ষিণ কোৰিয়াৰ অৰ্থনীতি এতিয়া  বিশ্বৰ এক অন্যতম শক্তিশালী অৰ্থনীতি ৰূপে অৱস্থান কৰি একে ধৰণৰ দেশ ছুইডেন,নেদাৰলেণ্ড আৰু অষ্ট্ৰেলিয়াতকৈ আগ বাঢ়িছে৷ দক্ষিণ কোৰিয়া জাহাজ আৰু মটৰ গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে বৃহৎ পৰিগণিত হৈছে৷ ইয়াৰ লো, তীখা আৰু ৰসায়ন উদ্যোগসমূহ ক্ৰমবৰ্ধমানশীল৷ গৱেষণা আৰু তথ্য প্ৰণালীবদ্ধকৰণ, টেলিকমিউনিকেচন আৰু অসামৰিক আনৱিক শক্তিৰ ক্ষেত্ৰত দক্ষিণ কোৰিয়াই উন্নত দেশসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে৷ অতি কম সংখ্যক দেশেহে ইমান কম সময়ৰ ভিতৰত এনে অৰ্থনৈতিক উন্নয়ন সাধন কৰিব পাৰিছে৷
চীন দেশক “৮০০ পাউণ্ড গেৰিলা” কোৱা হয়—যিয়ে প্ৰকাণ্ড আকাৰ ধাৰণ কৰি নৱ-উদ্যোগীকৃত দেশবোৰৰ কাষত থিয় দি আছে৷ কেইবা শতাব্দী ধৰি সাম্যবাদীৰ অধীনত পৃথকভাৱে থাকি ১৯৭০ চনত চীনে নিজকে বিশ্ব অৰ্থনীতিৰ দিশে মুক্ত কৰিবলৈ আৰম্ভ কৰে৷ ব্যক্তিগত সম্পত্তি আৰু বজাৰৰ উন্নয়নক উৎসাহিত কৰি বিশ্বৰ বৃহৎ জনবসতিপূৰ্ণ দেশখনে ১৯৮০ চনত পৰিচালনা কৰা ৰীতিসমূহে অৰ্থনীতি আৰু সমাজলৈ বিপ্লৱ নমাই আনিলে৷

যেতিয়া নেকি সাম্যবাদী সকলে পশ্চিমৰ সেতে যোগাযোগ ত্যাগ কৰিছিল,চীনাসকলে কিন্তু দেশখনক উন্নয়নশীল বিশ্বৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ একাকী বৃহৎ প্ৰাপক কৰি তুলি বিগত কুৰি বছৰত ইয়াক আদৰণি জনাইছিল৷ দেশখনৰ চৰকাৰে বিশষভাৱে উপকূলীয় অঞ্চলসমূহ লক্ষ্য হিচাপে লৈছিল৷ সেইবোৰ বিশেষ অৰ্থনৈতিক অঞ্চল ৰূপে সজাই তুলিছিল- য’ত বিনিয়োগকাৰীসকলক ৰাজসাহায্য আৰু কৰ ৰেহাইৰ দ্বাৰা উৎসাহিত কৰা হৈছিল৷ এই অঞ্চলবোৰত ইলেক্ট্ৰনিক,পুতলা,কাপোৰৰ সাজ পোচাক আৰু নানা ধৰণৰ পাতল উদ্যোগ গঢ় লৈ উঠিছিল৷ প্ৰকৃততে বিগত দুটা দশকত চীনৰ অৰ্থনীতিয়ে বছৰি গড়ে ৮% বৃদ্ধি পাইছিল- যিটো বিশ্বৰ ভিতৰতে উচ্চতম হাৰ৷ চীনে বিশ্বৰ উন্নত দেশৰ সৈতে বৃহৎ বাণিজ্যিক ৰাহি উপভোগ কৰিছিল৷ এই উন্নয়ন ভৌগলিকভাৱে অসমান আছিল৷ ই কৃষকসকলৰ আৱেগ-অনুভূতিত আঘাত হানিছিল৷ চীনে কুৰিশতিকাৰ শেষৰফালে গোলকীয় অৰ্থনীতিত পুনৰ প্ৰৱেশ কৰাৰ লগে লগে ততাতৈয়াকৈ বজাৰভিত্তিক অৰ্থনৈতিক পদ্ধতি অৱলম্বন কৰিলে৷ ই এক প্ৰকাণ্ড সামাজিক আৰু ভৌগলিক অসমতাৰ সৃষ্টি কৰে৷ উপকূলীয় অঞ্চলৰ অতি দ্ৰুত উন্নয়ন ঘটিল৷ ইফালে দেশৰ সৰহভাগ পিছ পৰা ঠাই দৰিদ্ৰতাৰ গ্ৰাসতে থাকিল৷ আচৰিত হ’ব লগা কথা নহয় যে দেশৰ শ্ৰমিক গোষ্ঠীয়ে এই ভৌগলিক অসমানতাক সঁহাৰি জনাইছিল আৰু বৃহৎ সংখ্যকেই নগৰলৈ গতি কৰিছিল- য’ত নতুন অনুপ্ৰৱেশকাৰীসকল সততেই শোষণৰ বলি হৈছিল৷ ভাৰতবৰ্ষতো চীনৰ দৰেই অৱস্থা হৈছে৷ ইয়াৰ সৰহখিনি উন্নয়ন ভাৰতীয় উপ-দ্বীপৰ পশ্চিম অৰ্ধাংশত হৈছে-মুম্বাইৰ দৰে বিত্তীয় কেন্দ্ৰ আৰু বাংগালুৰুত৷ উন্নয়নৰ এই দুই কেন্দ্ৰ বিন্দুৰ বাবেই প্ৰকৃততে ভাৰত আজি বিশ্বৰ ভিতৰতেই বৃহৎ ফিল্ম আৰু চফ্টৱেৰ নিৰ্মাতা দেশ৷

পূব এছীয় দেশৰ বহুতো নিজা অৰ্থনৈতিক, ৰাজনেতিক আৰু ভৌগলিক বৈশিষ্ট্য আছে৷ সকলোবোৰ সাঙুৰি লৈ সেইবোৰ দেশৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণসমূহ বিশ্লেষণ কৰিব পৰা যায়৷

শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান
পূব এছীয় দেশসমূহে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাত ইয়াৰ শিক্ষা নীতিয়ে সামাজিক ঐক্য আৰু শান্তি আনি দিয়ে আৰু লগতে সু-প্ৰশিক্ষিত কৰ্মীদলৰ সৃষ্টি কৰে আৰু আৰম্ভ হয় ব্যক্তিগত প্ৰতিযোগিতাৰ৷ এইবোৰ দেশৰ শ্ৰমিকদল সহজতে কামত নিয়োজিত কৰিব পৰা কম মজুৰীৰ মহিলাৰ দ্বাৰা গঠিত৷ তেঁওলোক বাধ্য শ্ৰমিক আৰু অতি কম দিনৰ বাবেহে ধৰ্মঘট আৰু শ্ৰমিক বিক্ষোভ আদিৰ বাবে তেওঁলোকে কাম ক্ষতি কৰে৷

ঊচ্চ পৰ্যায়ৰ জাতীয় সঞ্চয়
পূব এছীয় দেশৰ চৰকাৰসমূহে বিদেশী মূলধনৰ গতিবিধিত বাধা আৰোপ কৰি ব্যক্তিগত সঞ্চয়ক উদগনি দিছিল৷ সেই উদ্দেশ্যে কৰ কম কৰি দি মুদ্ৰাস্ফিতিৰ হাৰতকৈ অধিক হাৰত সুত দিছিল৷ তাৰোপৰি বিদেশী বিলাসী সামগ্ৰী আমদানিত সীমাবদ্ধতা আৰোপ কৰি দিয়া হৈছিল৷ ইয়াৰ ফলত কম সুতত বৃহৎ পৰিমাণৰ পুঁজি গঠন হ’ল-যিটোৱে এছীয় দেশসমূহক শিক্ষা , বুনিয়াদ নিৰ্মাণ, আৰু বাণিজ্যত বিনিয়োগ কৰিবলৈ সুযোগ দিছিল৷ পূব এছীয় বহুতো দেশে এক তৃতীয়াংশতকৈ অধিক মুঠ জাতীয় উৎপাদন সঞ্চয় কৰিব পাৰিছিল৷ আমেৰিকাত জাতীয় সঞ্চয়ৰ হাৰ আছিল মুঠ জাতীয় উৎপাদনৰ ৩% হে মাত্ৰ৷

অনুকূল ৰাজনৈতিক বাতাৱৰণ
পূব এছিয়াৰ দেশসমূহে এক বলিষ্ঠ ৰাজনেতিক বাতাৱৰণ লাভ কৰিছিল--যাৰ মাজেদি অৰ্থনৈতিক উন্নয়ন প্ৰতিফলিত হৈছিল৷ সমৃদ্ধিৰ বাবে লক্ষ্য স্থিৰ কৰা উদ্যোগসমূহক বিভিন্ন ধৰণৰ পৃষ্ঠপোষকতা প্ৰদান কৰা হৈছিল; সেইবোৰক ৰপ্তানি ৰাজসাহাৰ্য্য, প্ৰশিক্ষণ অনুদান দি বিদেশী প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰাকৈ  চালানী শুল্ক প্ৰতিৰক্ষা দিছিল৷ নিম্ন হাৰৰ কৰ আৰু শক্তি ৰাজসাহাৰ্য্ই ব্যৱসায় খণ্ডক সহায় কৰিছিল৷ বাণিজ্যিক সন্থা বা ব্যৱসায়িক সংগঠনসমূহক নিষেধ কৰি গণতন্ত্ৰক খৰ্ব কৰা হৈছিল৷ জাপানত শক্তিশালী চৰকাৰী শাসকবৰ্গই বিস্তৃতভাৱে ৰাজহুৱা নিয়ন্ত্ৰণৰ বিপৰীতে জাপানী উপভোক্তাৰ মতবাদ বা প্ৰয়োজনক ন্যুন্যতম গুৰুত্ব প্ৰদান কৰি উদ্যোগিক সম্প্ৰসাৰণক অধিক উন্নীতকৰণ কৰিছিল৷ দক্ষিণ কোৰিয়া আৰু তাইৱানৰ  সামৰিক শাসকবৰ্গই উদ্যোগখণ্ডৰ ধৰ্মঘট বা বিক্ষোভক আৰু ৰাজনৈতিক অমতক নিৰ্মমভাৱে আচৰণ কৰিছিল৷ ইফালে স্বৈৰতান্ত্ৰকি শাসন প্ৰণালীয়ে দীৰ্ঘদিন ধৰি চিংগাপুৰত শাসন চলাইছিল৷

ভুমি সংশোধনী নীতি অৱলম্বন
পূব এছিয়াৰ নৱ উদ্যোগীকৃত দেশসমূহ ১৯৫০ চনত বিস্তাৰ লাভ কৰা ভূমি সংশোধনীত জড়িত হৈ পৰে৷ ইয়াত অৰিহণা যোগায় অতি পৰিশ্ৰমী জাপানী জীৱন যাপন পদ্ধতি আৰু কোৰিয়াৰ যুদ্ধই৷ সৰহভাগ খেতি মাটি দখল কৰি থকা জাপানী গ্ৰাম্য সম্ভ্ৰান্তসকলক থকা ঠাইৰ পৰা খেদি পঠিওৱা হয়৷ ফলস্বৰূপে এইবোৰ দেশত গ্ৰাম্যভূমিৰ মালিকনা স্বত্ব তুলনামূলক ভাৱে সাম্যভাৱী আৰু ইয়াৰ উৎপানশীলতাও উচ্চ নিৰিখৰ হৈ পৰে৷ দ্ৰুত উদ্যোগীকৰণৰ ফলত সমৃদ্ধিশালী কৃষি অৰ্থনীতি ক্ৰমে হ্ৰাস প্ৰাপ্ত হোৱা সত্বেও নৱ উদ্যোগীকৃত দেশসমূহে  গ্ৰাম্যৰ পৰা নগৰলৈ হোৱা প্ৰব্ৰজন নিম্ন হাৰত  হোৱা বাবে উপকৃত হৈছিল৷ দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ বিচৰা হতাশাগ্ৰস্ত কৃষকেৰে  ভৰি পৰাৰ পৰা  ই নগৰীয়া ভূমিক ৰক্ষা কৰিছিল৷

ৰপ্তানিগত উদ্যোগীকৰণ
এছিয়াৰ নৱ উদ্যোগীকৃত দেশসমূহে ৰপ্তানিগত উদ্যোগীকৰণত প্ৰতিশ্ৰুতিবদ্ধতা প্ৰৰ্দশন কৰিছিল৷ বিদেশী বজাৰক লক্ষ্য হিচাপে লৈ প্ৰতিযোগিতাত নমাৰ বাবে নিম্ন হাৰৰ শ্ৰম মূল্যই উদ্যোগীসকলক উৎসাহিত কৰিছিল৷ এইদৰে আন্তৰ্জাতিক প্ৰতিযোগিতাত নামি পৰিছিল৷

১৯৯০ চনত পূব এছিয়াৰ বাহিৰৰ উন্নয়নশীল দেশসমূহৰ দৰিদ্ৰতা নাটকীয়ভাৱে বৃদ্ধি পাইছিল৷ তাৰ বাবে দেশ তথা জনতাই মূল্য দিব লগা হৈছিল৷ গছ গছনি উধাইমুধাই কাটি পেলোৱা হৈছিল, সঞ্চিত খনিজাত দ্ৰব্যক অসাৱধান ভাৱে উত্তোলন কৰা হৈছিল৷ দৰিদ্ৰতাৰ কবলৰ পৰা ৰক্ষা পাবৰ বাবে অনুৰ্বৰা ভূমিত খেতি কৰা হৈছিল, আশাহীন প্ৰচেষ্টাৰে মীন পালনৰ পুখুৰীবোৰ অত্যধিক ভাৱে খন্দা হৈছিল৷

নৱ উদ্যোগীকৃত এছীয় দেশসমূহৰ জাতীয় গঠন প্ৰণালীৰ ওপৰিও সেইবোৰ দেশৰ বিশ্বৰ অৰ্থনীতিত স্থানেও উন্নয়নত এক ভূমিকা লৈছে৷ জাপানক অনুসৰণ কৰিও বহুতো নৱ উদ্যোগীকৃত দেশ উন্নয়নৰ ক্ষেত্ৰত উপকৃত হৈছিল৷

উদাহৰণ স্বৰূপে জাপানে মানচুৰীয়াত কৰাৰ দৰে কোৰিয়া আৰু তাইৱানত তীখা,ৰসায়ন আৰু বস্ত্ৰ উদ্যোগসমূহ আৰম্ভ কৰিছিল৷ জাপানীসকলে নৱ উদ্যোগীকৃত দেশসমূহত ৰাস্তা,দলং,নলা-নৰ্দমা,বন্দৰ আৰু বিমান বন্দৰৰ দৰে বহুতো উদ্যোগিক বুনিয়াদ নিৰ্মাণ কৰিছিল ; এইবোৰ কৰোতে কয়লা আদি সকলো পণ্য সামগ্ৰী নিষ্কাৰ্ষনৰ পৰিমাণ সৰ্বাধিক হৈছিল,তত্ৰাচ যুদ্ধৰ পিছত ই গুৰুত্বপূৰ্ণ হৈ পৰিছিল৷ অৰ্থনীতিক নিয়ন্ত্ৰণত ৰাখি উন্নতি বাধা প্ৰাপ্ত কৰি থকা গ্ৰাম্য সম্ভ্ৰান্ত্ৰসকলক জাপানৰ চৰকাৰে নিয়ন্ত্ৰণলৈ আনিছিল৷ যুদ্ধৰ পৰবৰ্ত্তী সনয়ছোৱাত বহুতো নৱ উদ্যোগীকৃত দেশে , বিশেষ ভাৱে দক্ষিণ কোৰিয়াই জাপানক অনুসৰণ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বেংকৰ সহযোগত গঢ়ি তুলিছিল৷ মূলতঃ পূব এছিয়াত জাপানী বিদেশী বিনিয়োগ আমেৰিকাতকৈ বৃদ্ধি পাইছিল আৰু দেশসমূহৰ উদ্যোগীকৰণৰ সম্প্ৰসাৰণ ঘটিছিল৷

জাপানৰ ওপৰিও আমেৰিকাও এই নৱ-উদ্যোগীকৃত দেশসমূহৰ উন্নয়নত দায়বদ্ধ আছিল৷ শীতল যুদ্ধৰ সময়ছোৱাত (১৯৪৫- ১৯৯১) আমেৰিকাই অৰ্থনৈতিক উন্নয়নত জড়িত সমলসমূহ মুক্ত কৰিবলৈ উদাৰ অৰ্থনৈতিক আৰু সামৰিক সাহাৰ্য্য আগ বঢ়াইছিল৷ জাপান, দক্ষিণ কোৰিয়া ,তাইৱান আৰু কম বেছি পৰিমাণে আন দেশসমূহক কণ্টেইনমেন্ট মতবাদ বা ট্ৰুমেন মতবাদে(Containment Doctrine or Truman Doctrine) সাম্যবাদৰ বিৰূদ্ধে যুঁজ দিয়া দেশসমূহৰ আগশাৰীত স্থান দিছিল৷ ইফালে আমেৰিকাই নৱ উদ্যোগীকৃত দেশসমূহক উপচি পৰাকৈ অনুদান আৰু ৰাজসাহাৰ্য্য দিছিল আৰু সেইবোৰক ‘অগ্ৰাধিকাৰ ভিত্তিক বাণিজ্য ( Preferential Trade)ৰ মৰ্য্যদা দি পুৰস্কৃত কৰিছিল৷ উদাহৰণ স্বৰূপে বাণিজ্য শুল্ক ৰেহাই দিয়া কাৰ্য্য, যিটোৱে তেঁওলোকক উল্লেখযোগ্য ৰপ্তানি আয় কৰিব পৰাকৈ আমেৰিকাৰ বজাৰত সহজে প্ৰৱেশ কৰাৰ অনুমতি দিছিল৷ নৱ-উদ্যোগীকৃত দেশসমূহৰ উন্নয়নৰ ক্ষেত্ৰত কিছুমান ভৌগলিক অৱস্থাইও সহায় কৰিছে- যিবোৰ অতুলনীয় আৰু কোনো ঠাইতে কেতিয়াও ঘটিব নোৱাৰে৷

১৯৯০ চনত দক্ষিণ কোৰিয়া, তাইৱান,হংকং আৰু চিংগাপুৰ- এই  চাৰি ব্যাঘ্ৰই থাইলেণ্ড ,মালয়েছিয়া আৰু ইণ্ডোনেছিয়াক সাঙুৰি লৈ এক নতুন দলত যোগ দিলে৷ তেওঁলোকৰ প্ৰত্যেকেই অভিজ্ঞতাবোৰ এখনে আনখনৰ পৰা অনুকৰণ  বা নকল কৰিছিল৷ আমেৰিকাৰ সৈতে দীৰ্ঘ অৰ্থনৈতিক আৰু সামৰিক বন্ধন উপভোগ কৰা দেশ থাইলেণ্ডে বস্ত্ৰ উদ্যোগ ,গাড়ী, পুতলা আৰু ভ্ৰমণ উদ্যোগৰ এক ঢৌ দেখা পাইছিল৷ ইয়াত জড়িত হৈ পৰি তেওঁলোকে বেংককক  সমৃদ্ধিশালী কিন্তু জনবহুল কেন্দ্ৰ হ’বলৈ এৰি দিছিল৷ স্বৈৰ  তান্ত্ৰিক চৰকাৰৰ তলত মালয়েছিয়াই ইয়াৰ ২০২০ চনৰ পৰিকল্পনা আৰম্ভ কৰি দিছিল –সমগ্ৰ দেশক ২০২০চনৰ ভিতৰত সম্পূৰ্ণ উদ্যোগীকৰণ কৰি তুলিবলৈ৷ ইতিপূৰ্বে এই পৰিকল্পনা সফল হৈছে অন্ততঃ দেশৰ পশ্চিমাংশত বিশ্বৰ ভিতৰত দেশখন শীত তাপ  নিয়ন্ত্ৰক যন্ত্ৰ,বিদ্যুৎ উৎপাদক যন্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত বৃহৎ পৰিগণিত হৈছে আৰু চিংগাপুৰৰ বেংক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে৷ কুৱালালামপুৰ পূৰ্ণ ৰূপত এক আধুনিক নগৰ হৈ পৰিল৷ শতাব্দী ধৰি দৰিদ্ৰতাৰ সৈতে যুঁজি থকা ইণ্ডোনেছিয়াই চিংগাপুৰ কুৱালালামপুৰ কৰিডৰত   উদ্যোগ , জোতা, ইলেক্ট্ৰনিক  আনকি আকাশী যানত বিনিয়োগেৰে কিছু উন্নয়নৰ অভিজ্ঞতা আহৰণ কৰিছে৷

কিছুমান দেশ আৰু অঞ্চলৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ কাৰণ
দেখা যায় যে অনুন্নত দেশসমূহৰ বৈশিষ্ট্যসমূহ প্ৰায় একেই৷ সেইবোৰ দেশৰ সমস্যাসমূহ হল- জনসংখ্যা বৃদ্ধি, সম্পদৰ অভাৱ, মূলধনৰ নাটনি, অনুপযুক্ত বৈদেশিক আয়,নিম্ন মানৰ বাণিজ্যিক হাৰ, ভূমি বিতৰণৰ অসমানতা,অযোগ্য অৰ্থনৈতিক বুনিয়াদ তথা ৰাজহুৱা খণ্ডৰ সেৱাসমূহ আৰু দুৰ্নীতিপৰায়ণ চৰকাৰসমূহ৷ অৰ্থনৈতিক উন্নয়ন আৰু পাশ্চাত্যকৰণৰ ওপৰত জোৰ দিয়া আধুনিকীকৰণ তত্ত্বসমূহে অনগ্ৰসৰতাৰ মূল কাৰকসমূহক অস্পষ্ট কৰি দিয়ে, বিশেষকৈ ঔপনিৱেশবাদৰ দীঘলীয়া বুৰঞ্জী আৰু তাৰ প্ৰভাবক৷ দমনকাৰী আৰু শোষনকাৰীসকলকো তৃতীয় বিশ্বৰ অনু্ন্নয়নৰ বাবে দোষাৰোপ কৰিব পাৰি৷

বিশ্বৰ কিছু সংখ্যক দেশেহে উন্নতি কৰিব পাৰিছে আৰু বহুতো দেশ পিছতে ৰৈ গৈছে৷ ইয়াত ভূমিকা লোৱা মূল কাৰকত অন্তৰ্ভূক্ত হয় ঔপনিৱেশতাৰ বুৰঞ্জী ,গোলকীয় অৰ্থনীতিৰ দ্ৰব্যমালাৰ অৱস্থান, শিক্ষাৰ প্ৰতি সংস্কৃতিপূৰ্ণ দৃষ্টিভংগী, ৰাজনৈতিক স্থিৰতা আৰু দীৰ্ঘম্যাদী পৰিকল্পনা চলাই নিব পৰা ক্ষমতা, এই সকলোবোৰে এখন দেশৰ অৰ্থনৈতিক কাৰ্য্যকাৰীতাক আনখনৰ পৰা পৃথক কৰে৷ দেখা যায় যে আমদানি ভিত্তিক  নীতিৰেই উন্নয়নশীল বিশ্বত উদ্যোগীকৰণ আৰম্ভ হৈছিল-যিটোৱে দ্ৰুত ভাৱে ৰপ্তানি বৃদ্ধিৰ অধিক কাৰ্য্যকাৰীতাৰ কৌশলসমূহৰ পথ দেখুৱাইছিল৷ এই ক্ষেত্ৰত নৱ উদ্যোগীকৃত পূব এছীয় দেশসমূহ অধিক সফল হৈছিল৷ যেনেকৈয়ে নহওক উদ্যোগীকৰণে শ্ৰমিক শ্ৰেণীৰ বাবে অমানৱীয় শোষণ আনি  দিছিল৷ দুখীয়া দেশবোৰৰ শ্ৰমিকসকলৰ দুখ কষ্টৰ ওপৰতেই পশ্চিমীয়া আৰামী জীৱন সততেই নিৰ্ভৰ কৰে৷তথাপিও,পূব এছীয় দেশৰ অৰ্থনৈতিক উন্নয়নৰ আৰ্শ্চয্যই বিশ্বৰ বহুতো অৰ্থনীতিবিদৰ চকুত চমক লগাবলৈ সমৰ্থ হৈছে৷

অসমৰ দৰিদ্ৰতা
যি সময়ত পূব এছীয় দেশসমূহে অৰ্থনৈতিক উন্নয়নৰ জখলাইদি বগাই উৰ্ধগামী গতি কৰিছিল সেই সময়ত অসমত অৰ্থৰ্নৈতিক অনগ্ৰসৰতাৰ বাবে দৰিদ্ৰতাই প্ৰবল ৰূপ ধাৰণ কৰিছিল৷অসমৰ দৰিদ্ৰতা সংঘটনৰ ঐতিহাসিক গতিধাৰালৈ লক্ষ্য কৰিলে দেখা যায়(১৯৫৭-৫৮ চনৰ পৰা ১৯৯৩-৯৪ চনলৈ)যে ই ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰে৷সৰ্ব ভাৰতীয় মুঠ ঘৰুৱা উৎপাদনৰ তুলনাত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ধীৰ গতি আচৰিত হ’ব লগা কথা বুলি বিবেচিত নহ’ল৷দৰিদ্ৰতা হ্ৰাসকৰণৰ ক্ষেত্ৰত অসমৰ সফলতাৰ ছবিখন তেনেই দৈন্য ৰূপত ধৰা দিছিল৷ইয়াৰ গুৰুত্বপূৰ্ণ কাৰণ হ’ল প্ৰতিকূল বুনিয়াদ৷ইয়াৰ এক উদাহণ হ’ল, মাত্ৰ চাৰি শতাংশ কৃষি ভূমিত ১৯৬০ চনলৈকে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল৷অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ হাৰ নিম্নগামী হ’ব ধৰিলে৷ অন্য ৰাজ্যৰ তুলনাত আৰু সৰ্বভাৰতীয় তুলনাত প্ৰকৃত শ্ৰমমূল্যৰ গতিধাৰাই নিম্নগামী উন্নয়নৰ হাৰ প্ৰদৰ্শন কৰিব ধৰিলে৷ ষুৱকসকলৰ মাজত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছিল৷ অৱশ্যে ১৯৭৩-৭৪ চনৰ পৰা দৰিদ্ৰতা পৰিঘটনৰ হাৰ হ্ৰাস পাব ধৰা পৰিলক্ষিত হয়৷ পিছে নগৰীয়া দৰিদ্ৰতাহে সুন্দৰভাৱে আৰু চকুত পৰাকৈ হ্ৰাস পাইছিল; কিন্তু গ্ৰাম্য দৰিদ্ৰতা উঠা নমা কৰি থাকিল৷ উদাহৰণ স্বৰূপে, ১৯৮৭-৮৮ চন আৰু ১৯৯৩-৯৪ চনত গ্ৰাম্য দৰিদ্ৰতা ৫% বৃদ্ধি পালে ; কিন্তু সেই সময়ছোৱাত নগৰীয়া দৰিদ্ৰতা ২% হ্ৰাস হ’ল৷যেইকি নহওক, জনসংখ্যা এক সতৰ্কীকৰণ হাৰত বৃদ্ধি পাইছিল আৰু দৰিদ্ৰতাৰ সংখ্যা(গাঁও আৰু নগৰ লগ লগাই)বাঢ়ি গ’ল৷

অসমৰ যুৱকসকলৰ মাজত নিবনুৱাৰ হাৰ ১৯৮৩-৮৪ চনত আছিল ৩.০১% আৰু ই ১৯৯৩-৯৪ চনত হয়গৈ ১৯.২৫% ৷ অন্যহাতে ১৯৭৩-৭৪ চনত অসমৰ গ্ৰাম্য দৰিদ্ৰতাৰ সংখ্যা আ্ছিল ৭৬.৩৭ লাখ আৰু নগৰীয়া দৰিদ্ৰৰ সংখ্যা ৫.৫০ লাখ আছিল৷ দুয়োটা মিলাই সৰ্বমুঠ দৰিদ্ৰৰ সংখ্যা আছিল ৮১.৮৭ লাখ৷ এই পৰিমাণ উঠা নমা কৰি গৈ থাকি অৱশেষত ১৯৯৩-৯৪ চনত গ্ৰাম্য দৰিদ্ৰতাৰ সংখ্যা হয় ৯৪.৩৩ লাখ আৰু নগৰীয়া দৰিদ্ৰৰ সংখ্যা হয় ২.০৩ লাখ আৰু দুয়োটা মিলায় হয়গৈ ৯৬.৩৬ লাখ৷

যদিওবা চৰকাৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি আৰু সমাজ কল্যাণৰ প্ৰকল্প হাতত লৈছে, অসমত এক কোটিতকৈ অধিক লোক বা অসমৰ মুঠ জনসংখ্যাৰ তিনি ভাগৰ এভাগ নাগৰিক দৰিদ্ৰ সীমা ৰেখাৰ তলত থাকি বসবাস কৰি আছে৷ “ Poverty Estimates for 2011-12”ৰ শেহতীয়া তথ্য অনুযায়ী অসমৰ জনসংখ্যাৰ ১০১.২৭ লাখ বা ১.০১ কোটি লোকক দৰিদ্ৰ সীমা ৰেখাৰ তলৰ বুলি চিনাক্ত কৰা হৈছে৷শতকৰা হিচাপত মুঠ জনসংখ্যাৰ ৩১.৯৮% লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত পৰে৷২০১১-১২ চনৰ বাবে অসমৰ কাৰণে ৰাজ্যিক বিশেষ দৰিদ্ৰ ৰেখা হ’ল মাহিলী গঢ় আয় গ্ৰাম্যাঞ্চলৰ বাবে ৮২৮/=টকা আৰু নগৰ অঞ্চলৰ বাবে ১০০৮/=টকা৷ তথ্য অনুযায়ী গ্ৰাম্যাঞ্চলৰ ৩৩.৮৯% লোক(৯২.০৬ লাখ) দৰিদ্ৰ সীমা ৰেখাৰ তলত৷ অসমৰ নগৰীয়া অঞ্চলত ২০.৪৯% (বা ৯.২১ লাখ) লোক দৰিদ্ৰ সীমা ৰেখাৰ তলতে আছে৷

অসমৰ গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰতা নগৰীয়া অঞ্চলতকৈ প্ৰবল৷ গতিকে অসমৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে গ্ৰাম্য অঞ্চলৰ উন্নয়ন সাধনেই একমাত্ৰ উপায়৷কৃষি ক্ষেত্ৰত আধুনিকীকৰণ নোহোৱা বাবেই অসমত কৃষি উৎপাদন বৃদ্ধি হোৱা নাই৷গতিকে কৃষি ক্ষেত্ৰত আধুনিকীকৰণ কৰাৰ লগে লগে অনা-কৃষি খণ্ডতো নিয়োগৰ সুযোগ বৃদ্ধি কৰাৰ বাবে নীতি হাতত লোৱা দৰকাৰ৷

সহায়ক গ্ৰন্থ তথ্য সূত্ৰ
1.The World Economy by Fredr 1ick P. Stutz & Barney Warf
2.Macroeconomics  by  Oliver Blanchard
3.www.fee.org
4.Poverty Estimates for 2011-12
5.[PDF]Assam Development Report-of Planning Commission.



যুগল বৰা
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
 

Sports

Delivered by FeedBurner